Show/Hide Keyboard Layout

এইখনি গাঁও

- দিপেন বৰুৱা

এইখনি গাঁও বুকুৰ আপোন

ইয়াতে দেখোঁ নতুন সপোন

কোনে জুমি চাই জুৰিত দাপোণ

ফুলৰ পাতৰ সাজোন-কাচোন

এই গাঁও আপোন আপোন

এই গাঁও নিচেই আপোন ।

 

আগলি বাঁহত বগলী নাচিছে, আগলি বাঁহত বগলী নাচিছে

আলফুলেকৈ কঁহুৱা হালিছে

মুখে মুখে হাঁহি দেখোন, মুখে মুখে হাঁহি দেখোন

ফুলৰ পাতৰ সাজোন-কাচোন

এই গাঁও আপোন আপোন

এই গাঁও নিচেই আপোন ।

 

সৰু বৰ নাই ই গাঁৱত সমূলি, সৰু বৰ নাই ই গাঁৱত সমূলি

উলাহত বওঁ উদুলি-মুদুলি

চেনেহৰ এই বান্ধোন, চেনেহৰ এই বান্ধোন

ফুলৰ পাতৰ সাজোন-কাচোন

এই গাঁও আপোন আপোন

এই গাঁও নিচেই আপোন ।।

Hits: 2333